আমি অজ্ঞানৰ আন্ধাৰ বিনাশোঁ
পোহৰৰ গতি খেদি
অজ্ঞানৰ আন্ধাৰ ভেদি
নিতে নৱ সৃষ্টিৰ আপোন প্ৰতিভা বিকাশোঁ
আমি অজ্ঞানৰ আন্ধাৰ বিনাশোঁ
সময়ৰ সংগতি ৰাখি
পুৰণি দুষ্কৃতি নাশি
আমি নৱ জ্ঞানৰ দিগন্ত প্ৰকাশোঁ
আমি অজ্ঞানৰ আন্ধাৰ বিনাশোঁ
সাম্য মৈত্ৰী গান ৰচি
বঞ্চিত প্ৰাপ্য যাঁচি
ভাতৃসম বন্ধুত্বৰে
নতুন সমাজ গঢোঁ
আমি অজ্ঞানৰ আন্ধাৰ বিনাশোঁ।।