Dhakuakhana College
template

ASSAMESE


Profile


১৯৬৬ চনতে ঢকুৱাখনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰম্ভ হয়। বিভাগৰ প্ৰথমগৰাকী মুৰব্বী আছিল শ্ৰীযুত অতুলচন্দ্ৰ বৰ্মন। আৰম্ভনিৰ পৰা বৰ্তমানলৈকে মুঠ ১৫ গৰাকী শিক্ষকে বিভাগটোত পাঠদান কৰিছে। বিভাগটোত বৰ্তমানে সৰ্বমুঠ ৫ গৰাকী শিক্ষক আছে। বৰ্তমান বিভাগৰ মুৰব্বী হিচাবে শ্ৰীযুত চিত্ৰকুমাৰ কোঁচে দ্বায়িত্ব পালন কৰি আছে। সম্প্ৰতি তিনিওটা ষাণ্মাসিক মিলাই মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৮৭ গৰাকী। বিভাগৰ ‘শব্দশিল্প’ নামেৰে এখন প্ৰাচীৰ পত্ৰিকা আছে। মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি বিষয় অনুসৰি নিৰ্দিষ্ট কৰা নামেৰে আন এখন প্ৰাচীৰ পত্ৰিকা প্ৰকাশ কৰা হয়। বিভাগৰ সাহিত্য চ’ৰাই ছাত্ৰ-ছাত্ৰীৰ সাহিত্যিক বিকাশৰ উদ্দেশ্যে বিভিন্ন অনুষ্ঠান আয়োজন কৰে। ’প্ৰয়াস’ নামেৰে এখনি ছপা আলোচনী প্ৰতি বছৰে প্ৰকাশ কৰা হয়। ২০২২ চনৰ পৰা বিভাগত ‘সৃজনীশীল লেখন’ নামেৰে এটি সংযুক্ত পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। মাজুলী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ লগত এই বিভাগে ২০২২ চনৰ মাৰ্চ মাহত এটি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে।

বিভাগৰ দৃষ্টিভংগী - পাঠ্যক্ৰমৰ মাজেৰে ছাত্ৰ-ছাত্ৰীৰ গুণগত দক্ষতা বিকাশ সাধন কৰা।

বিভাগৰ উদ্দেশ্য - ভাষা, সাহিত্য, সংস্কৃতি আৰু মানৱীয় প্ৰমূল্যবোধেৰে ছাত্ৰ-ছাত্ৰীসকলক সাৰস্বত সাধনাৰ প্ৰতি আগ্ৰহী কৰি তোলা।